৬ মে, ইতিহাসত আজিৰ দিনটো
আজি ২২ বহাগ ১৯৪০ শক
আজি *জামাইকাত শিক্ষক দিৱস*
Teachers' Day (Jamaica)
আজি *International No Diet Day*
২০০৩ চনৰ আজিৰ দিনটোতে *কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা IMDT আইন বাতিলৰ সিদ্ধান্ত |*
১৫৮৯ চনত আজিৰ দিনটোতে ভাৰতীয় মহান সঙ্গীতজ্ঞ *তানসেনৰ মৃত্যু হয়* বুলি অনুমান কৰা হয় | *অৱশ্যে মৃত্যু দিনটো ২৬ এপ্ৰিল বুলিও উল্লেখ আছে বহু বুৰঞ্জীত |*
১৮৭০ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ প্ৰসূতিবিদ, *ক্লেৰোফৰ্ম আৱিষ্কাক* ‘জেম্ছ ইয়ং ছিম্পছন’ৰ মৃত্যু হয়।
১৮৪০- ইংল্যান্ডত প্রথম ডাকটিকেটৰ প্ৰচলন আৰম্ভ হয় ।
১৮৫৩ চনৰ আজিৰ দিনটোতে "নিউ ইয়ৰ্ক হেৰল্ড" কাকতখনৰ প্ৰকাশ আৰম্ভ |
১৮৫৬ চনৰ আজিৰ দিনটোত অষ্ট্ৰিয়াৰ *মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়েডৰ জন্ম হয় ।*
১৮৬১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম হয় ।
১৮৮৯ চনৰ আজিৰ দিনটোতে পেৰিছৰ *আইফেল টাৱাৰ* আধিকাৰিক ৰূপে *জনসাধাৰণৰ বাবে মুকলি* কৰি দিয়া হয় |
১৮৫৬ চনৰ আজিৰ দিনটোতে *উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ* দিয়া আমেৰিকাৰ অভিযাত্ৰী ‘এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী’ৰ জন্ম হৈছিল |
১৯৪৯ চনৰ আজিৰ দিনটোত বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি মৰি মেটাৰলংকৰ মৃত্যু হয় । ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা । *‘নীলা চৰাই’* নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে । ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল
১৯৫২ চনৰ আজিৰ দিনটোতে ড ৰাজেন্দ্ৰ প্ৰসাদ পুনৰবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় | (ফলাফল লাভ)
১৯৬৭ চনৰ আজিৰ দিনটোতে ড জাকিৰ হুছেইন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় | (ফলাফল লাভ)
১৯৫৩ চনৰ আজিৰ দিনটোতে ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰৰ জন্ম হৈছিল |
২০১০ চনৰ আজিৰ দিনটোতে ২০০৮ ত মুম্বাই আততায়ী আক্ৰমণ ঘটনাৰ জীৱিত অপৰাধী *আজমল কাচবৰ মৃত্যুদণ্ড ঘোষণা* কৰা হয় |
২০১৩ চনৰ আজিৰ দিনটোতে *সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা ৰ মৃত্যু |

✍️ ৰূপম দাস
whatsapp : 9613054687
0 Comments