Download our app

8 May || ৮ মে, ইতিহাসত আজিৰ দিনটো


৮ মে, ইতিহাসত আজিৰ দিনটো

আজি ২৪ বহাগ ১৯৪০ শক

আজি *ৰেডক্ৰচ দিৱস*
World Red Cross and Red Crescent Day (International)
১৮২৮ চনৰ আজিৰ দিনটোতে *ৰেডক্ৰচৰ জন্মদাতা হেনৰী ডুনান্টৰ জন্ম |*
১৯১৭, ১৯৪৪ আৰু ১৯৬৩ চনত মুঠ *তিনিবাৰকৈ শান্তিৰ নোবেল পুৰস্কাৰ* লাভ কৰিছিল |
১৮৬৩ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম ৰেডক্ৰচ দিৱস উদযাপন কৰা হয় |

আজি *world thalassemia Day*
Thalassemia ৰোগ ধাৰণকাৰীসকলে সাধাৰণতে তেজৰ অক্সিজেন স্বল্পতা বা এনিমিয়াত ভোগে । প্রতিবছৰে বিশ্বত প্রায় ১ লাখ শিশু এই ৰোগ লৈ জন্মগ্রহণ কৰে।

১৯৫০ চনৰ আজিৰ দিনটোতে তেজপুৰৰ দেউৰীগাঁৱত *সাহিত্যিক পূৰবী বৰমুদৈৰ জন্ম |* ২০০৫ চনত তেওঁ শান্তনুকুলনন্দন উপন্যাসৰ বাবে *সাহিত্য অকাডেমী বঁটা* লাভ কৰে | তেওঁৰ অন্যান্য বিখ্যাত গ্ৰন্থ কিছুমান হৈছে---"গজৰাজ প্ৰেম আৰু বন্দীত্ব", "ৰূপোৱালী নৈৰ সোণোৱালী ঘাট, বাঘশাল, বাঘজাল আৰু মানুহ..... ইত্যাদি |

১৮৭৩ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক অৰ্থনীতিবিদ John stuart mill ৰ *মৃত্যু* হৈছিল | তেওঁক *উনবিংশ শতিকাৰ সবাতোকৈ প্ৰভাৱ বিস্তাৰকাৰী ইংৰাজী ভাষী দাৰ্শনিক* আখ্যা দিয়া হয় |

১৯০৩ চনৰ আজিৰ দিনটোতে *প্ৰখ্যাত চিত্ৰশিল্পী পল গোগাঁ* (Paul Gauguin) ৰ *মৃত্যু |*

১৮৮৬ চনৰ আজিৰ দিনটোতে *প্ৰথম বাৰৰ বাবে কোকা-কোলা বিক্ৰী কৰা হয় |* John Pemberton নামৰ ফাৰ্মাছিষ্টজনে carbonated পানীয় হিচাপে প্ৰথমবাৰৰ বাবে patented medicine COCA-COLA (cocaine) বিক্ৰী কৰে | তেৱেঁই *কোকা কোলাৰ আৱিস্কাৰক |*

১৯৭৮ চনৰ আজিৰ দিনটোতে Reinhold Messner আৰু Peter Habeler এ *প্ৰথম বাৰৰ বাবে Oxygen cylinder ৰ সহায় নোলোৱাকৈ এভাৰেষ্ট শৃংগ আৰোহণ কৰে |*

১৯৬২ চনৰ আজিৰ দিনটোতে *ৰবীন্দ্ৰ ভাৰতী ব্শ্বিবিদ্যালয় প্ৰতিষ্ঠা কৰা হয় |*

১৭৯৪ চনৰ আজিৰ দিনটোতে *আধুনিক ৰসায়নৰ জনক* এন্ট'নি লেবইজিয়াৰৰ (Antoine Lavoisier) মৃত্যু হয় | তেওঁ *অক্সিজেন আৰু হাইড্ৰজেন গেছৰ চিনাক্তকৰণ কৰিছিল আৰু নতুন নাম দিছিল |* তেৱেঁই ৰসায়ন বিজ্ঞানৰ প্ৰথমখন গ্ৰন্থ লিখিছিল |

১৯২৯ চনৰ আজিৰ দিনটোতে বেনাৰসৰ বিখ্যাত শাস্ত্রীয় গায়িকা গিৰিজা দেবীৰ জন্ম হৈছিল | তেওঁক *কুইন অফ থুমৰি* বোলা হয় |

১৯৪৫ চনৰ আজিৰ দিনটোতে *দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি* হয় আৰু তাৰেই সোঁৱৰণত ইউৰোপত VE দিৱস পালন কৰা হয় |

১৯৮৪ চনৰ আজিৰ দিনটোতে ছোভিয়েট দেশে লজ এঞ্জেলছ অলিম্পিকৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে |

ৰূপম দাস
      ✍️ ৰূপম দাস 
whatsapp : 9613054687

Post a Comment

0 Comments