Download our app

5 May || ৫ মে, ইতিহাসত আজিৰ দিনটো


৫ মে, ইতিহাসত আজিৰ দিনটো

আজি ২১ বহাগ ১৯৪০ শক

*আজি World Cartoonist Day*
১৮৯৫ চনত প্ৰথম কাৰ্টুন The yellow kid প্ৰকাশ হৈছিল |

*আজি জাপান আৰু দক্ষিণ কোৰিয়াত শিশুদিবস*
Children's Day (Japan & South Korea)

*আজি আন্তঃৰাষ্ট্ৰীয় ধাত্রী দিৱস*
International Day of the Midwife
১৯৯১ চনৰ আজিৰ দিনটোতে প্ৰথম পালন কৰা হৈছিল |

*আজি নেডাৰলেণ্ড আৰু ডেনমাৰ্কৰ স্বাধীনতা দিৱস*
১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ অধিনৰ পৰা স্বাধীনতা লাভ কৰিছিল |

১৮১৮ চনৰ আজিৰ দিনটোতে জাৰ্মান দাৰ্শনিক, সমাজবাদী আন্দোলনৰ অন্যতম হোতা *কাৰ্ল মাৰ্ক্সৰ জন্ম* হৈছিল |

১৯১৬ চনৰ আজিৰ দিনটোতে *ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ্ঞানী জাইল সিঙৰ জন্ম* হৈছিল |

১৯৪৪ চনৰ আজিৰ দিনটোতে *অসম সাহিত্য সভাৰ সভাপতি মইদুল ইছলাম বৰাৰ মৃত্যু হয় |*

২০০৬ চনৰ আজিৰ দিনটোতে *প্ৰসিদ্ধ সংগীত শিল্পী নৌছাদৰ মৃত্যু |*

১৯৫৫ চনৰ আজিৰ দিনটোতে *সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক |*

১৮২১ চনৰ আজিৰ দিনটোতে আটলাণ্টিকৰ এটি ক্ষুদ্ৰ দ্বীপ ছেইন্ট হেলেনাত *নেপোলিয়ন বোনাপাৰ্টৰ ৫১ বছৰ বয়সত মৃত্যু হয় |* মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল |

১৯৬১ চনৰ আজিৰ দিনটোতে *প্ৰথম মাৰ্কিন মহাকাশ চাৰী* এলান চেপাৰ্ড (Alan Shepard) মহাকাশত খোজ কাঢ়ে | যি বিশ্বৰ দ্বিতীয় ব্যক্তি হিচাপে স্মৰণীয় |

1992
Prithvi, India's medium range surface-to-surface missile, successfully launched.

১৯০৫ চনৰ আজিৰ দিনটোতে লণ্ডনত এক হত্যা কাণ্ডত *প্ৰথম বাৰৰ বাবে fingers print evidence ব্যৱহাৰ* কৰি দোষীক চিহ্নিত কৰা হৈছিল |


ৰূপম দাস
      
✍️ ৰূপম দাস 
whatsapp : 9613054687

Post a Comment

0 Comments