Download our app

29 April || ২৯ এপ্ৰিল ইতিহাসত আজিৰ দিনটো


২৯ এপ্ৰিল, ইতিহাসত আজিৰ দিনটো

আজি বিশ্ব নৃত্য দিৱস
World Dancing Day

১৬৩৯ চনৰ আজিৰ দিনটোতে লালকিল্লাৰ আধাৰশিলা স্থাপন কৰা হয় |

১৮৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় কলাৰ ইতিহাসত এজন অন্যতম মহান চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ জন্ম হৈছিল | উল্লেখযোগ্য যে তেওঁ অংকন কৰা শ্ৰীকৃষ্ণ, মা সৰস্বতী, শকুন্তলা আদি চিত্রৰ উপৰিও ভাৰতীয় হিন্দু মানুহৰ ঘৰে ঘৰে বেৰত সঞ্চিত বিভিন্ন দেব দেবীৰ চিত্র আৰু মহাভাৰত, ৰামায়ণৰ বিভিন্ন চিত্রসমূহ তেওঁৰ দ্বাৰাই অংকিত |
তেওঁৰ মৃত্যু হয় ১৯০৬ চনৰ ২ অক্টোবৰত |
তেওঁৰ জীৱনৰ ওপৰত আধাৰিত বলিউডৰ চলচিত্ৰ Rang Rasiya |

১৯১৯ চনৰ আজিৰ দিনটোতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানা-ৱালা-বাগৰ নৃশংস হত্যাকাণ্ডৰ প্রতিবাদ স্বৰূপে ব্ৰিটিছ প্রদত্ত "নাইটহুড" উপাধি ত্যাগ কৰে |

১৯১৯ চনৰ আজিৰ দিনটোতে হিন্দুস্থানী শাস্ত্ৰীয় সংগীতজ্ঞ, বিখ্যাত তবলা বাদক ওস্তাদ আল্লা ৰাখাৰ (Ustad Allarakha Qureshi)ৰ জন্ম হৈছিল | মৃত্যু ২০০০ চনৰ ৩ ফেব্ৰুৱাৰীত |
তেওঁ বিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ পিতৃ |

১৯৩৬ চনৰ আজিৰ দিনটোতে সংগীত পৰিচালক (চিম্ফনী) জুবিন মেহতাৰ জন্ম হয় | (অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে তেওঁৰ নামটোৰ অনুপ্ৰেৰণা জুবিন মেহতা বুলি সাক্ষতাত স্বীকাৰ কৰি থৈছে |)

১৯৪৫ চনৰ আজিৰ দিনটোতে জাপানী সৈন্যই ৰেংগুইন ত্যাগ কৰিছিল |

১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্বৰ কুখ্যাত শাসক হিটলাৰে প্ৰেয়সী ইভা ব্ৰাউনৰ (Eva Braun) সৈতে বিবাহপাশত আবদ্ধ হৈছিল | উল্লেখযোগ্য যে বিয়াৰ এদিন পিছতেই দুয়ো আত্মহত্যা কৰিছিল | বিয়াৰ সময়ত হিটলাৰৰ বয়স আছিল ৫৬ বছৰ আৰু ইভাৰ মাত্র ৩৩ বছৰ |

১৯৫১ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমটো Military Nuclear power plant, SM-1 আমেৰিকাৰ ভাৰ্জেনিয়া চহৰত মুকলি কৰা হয় |

১৯৫৮ চনৰ আজিৰ দিনটোতে ইতিহাস বিদ ৰামচন্দ্ৰ গুহৰ জন্ম হৈছিল |

১৯৭০ চনৰ আজিৰ দিনটোতে পূৰ্বে world no 1 খিতাপ প্ৰাপ্ত টেনিছ তাৰকা আন্দ্ৰে আগাছীৰ (Andre Agassi) জন্ম হৈছিল |

১৯৭৯ চনৰ আজিৰ দিনটোতে ক্ৰিকেটৰ আশীষ নেহৰাৰ জন্ম |

১৯৯১ চনৰ আজিৰ দিনটোতে বাংলাদেশত প্ৰায় ২৫০ কি মি প্ৰতি ঘন্টা বেগত অহা সাগৰীয় ধুমুহাত চীতাগঙত প্ৰায় ১, ৩৮, ০০০ লোক নিহত হয় |

১৯৯৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে ৱাকিঙহাম পেলেচ সাধাৰণ মানুহৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয় |

২০১০ চনৰ আজিৰ দিনটোতে শত্ৰুৰ ৰাডাৰত ধৰা নপৰা ভাৰতৰ অত্যাধুনিক যুদ্ধ জাহাজ INS shivalik নৌসেনাত অন্তৰ্ভুক্ত কৰা হয় |

২০১০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত থকা ভাৰতীয় অভিযন্তা হৰপাল কুমাৰে পেটৰ ভিতৰত হব পৰা কেন্সাৰক তেজৰ পৰীক্ষাতকৈ আগতীয়াকৈ ধৰা পেলাব পৰা এক যন্ত্র আৱিস্কাৰ কৰে |


ৰূপম দাস
      
✍️ ৰূপম দাস 
whatsapp : 9613054687


Post a Comment

0 Comments