Download our app

3 May || ৩ মে, ইতিহাসত আজিৰ দিনটো


৩ মে, ইতিহাসত আজিৰ দিনটো

আজি ১৯ বহাগ ১৯৪০ শক

আজি সংবাদ পত্ৰৰ স্বাধীনতা দিৱস
World Press Freedom Day
উল্লেখযোগ্য যে 2018 World Press Freedom Index ত ভাৰতবৰ্ষৰ স্থান হৈছে ১৩৮ |
নৰৱে হৈছে সৰ্বপ্ৰথম | সৰ্বশেষত উত্তৰ কোৰিয়া |

আজি আন্তৰ্জাতিক সূৰ্য্য দিৱস
Sun Day (International)

১৯১৩ চনৰ আজিৰ দিনটোতে *ভাৰতৰ প্ৰথম খন চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰিছিল |* দাদা চাহেব ফাল্কে অশেষ কষ্ট কৰি এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল |

১৯৬৯ চনৰ আজিৰ দিনটোতে *তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু হয় |* তেওঁ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰো উপাচাৰ্য আছিল |

১৯১৯ চনৰ আজিৰ দিনটোতে *আমেৰিকাত প্ৰথম খন যাত্ৰীবাহী বিমান* নিউ ইয়ৰ্ক আৰু আটলাণ্টিক চহৰৰ মাজত *চলাচল কৰে* |

১৯৮১ চনৰ আজিৰ দিনটোতে *অভিনেত্রী নাৰ্গিচৰ মৃত্যু হয় |* *Mother India* চলচ্চিত্ৰৰ নায়িকা চৰিত্রত অভিনয় কৰা এই মহিয়সী অমৰ হৈ জীয়াই আছে ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত | তেওঁ অভিনেতা সঞ্জয় দত্তৰ মা |

১৪৬৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰবিজ্ঞানৰ অন্যতম জনক ইটালিয়ান দাৰ্শনিক নিকোলো ম্যাকিয়াভেলিৰ জন্ম |

১৪৯৪ চনৰ আজিৰ দিনটোতে *কলম্বাচে জামাইকা আৱিস্কাৰ* কৰে |

১৭৬৫ চনৰ আজিৰ দিনটোতে *আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমখন মেডিকেল কলেজ* ফিলাডেলফিয়াত স্থাপন কৰা হয় |

১৭৮৮ চনৰ আজিৰ দিনটোতে লণ্ডনত প্ৰথম সান্ধ্য দৈনিক "দি ষ্টাৰ" প্ৰকাশিত হয় |

১৮০২ চনৰ আজিৰ দিনটোতে Washington D. C চহৰৰ মৰ্যাদা লাভ কৰে | প্ৰথম ৰাষ্ট্ৰপতি George Washington ৰ সোঁৱৰণত এই নাম ৰখা হয় | DC ৰ অৰ্থ হৈছে District of Columbia.

১৮৩৭ চনৰ আজিৰ দিনটোতে গ্ৰীচত এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় |

১৯৩৭ চনৰ আজিৰ দিনটোতে All time best novel ৰ তালিকাত স্থানপ্ৰাপ্ত উপন্যাস Gone with the Wind ৰ বাবে Margaret Mitchell এ পুলিতৎজাৰ বঁটা লাভ কৰে |

১৯৩৯ চনৰ আজিৰ দিনটোতে *সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছ ত্যাগ কৰি ফ'ৰৱাৰ্ড ব্লক গঠন কৰে |*

১৯৬০ চনৰ আজিৰ দিনটোতে আমষ্ট্ৰাডামত এন ফ্ৰাঙ্ক হাউচ উদ্বোধন |


ৰূপম দাস
      
✍️ ৰূপম দাস 
whatsapp : 9613054687

Post a Comment

0 Comments