Download our app

What is Jio Coin (Jio Coin কি) - Learn in Assamese


Reliance JIO ৰ নাম নুশুনা মানুহ এই মুহূৰ্তত ভাৰতত হয়টো নোলাব । Reliance JIO এক এনেকুৱা নাম যিয়ে mobile service ৰ ক্ষেত্ৰত ভাৰতৰ বুৰঞ্জী  সলায় পেলায় । 

Reliance JIO ই এনে ধৰণে কিছুমান আচনি লৈ ভূমুকি মাৰিছিল, যিবোৰ আচনিয়ে অতি সহজেই ভাৰতৰ জণসাধাৰনৰ বুকুত সোমাই পৰিছিল । আৰু এইবাৰ এই Reliance JIO ই ভাৰতৰ গ্ৰাহক সকললৈ লৈ আহিব  খুজিছে এক বিশেষ আচনি আৰু ই হৈছে এক cryptocurrency - Jio Coin, ই হৈছে Reliance Jio ৰ নিজৰ cryptocurrency.

ইয়াৰ জৰিয়তে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত digital transaction কৰিব পৰা যাব। বাহিৰৰ বিভিন্ন উন্নত  দেশবোৰত cryptocurrency ৰ ব্যৱহাৰ ইতিমধ্যে হৈ আছে। ভাৰতত এই সেৱা এতিয়ালৈকে নাই । Jio Coin ৰ যোগেদি এই সেৱা অতি সোনকালে ভাৰতত আৰম্ভ হব । এই cryptocurrency - Jio Coin ৰ গুৰি ধৰোতা হল Mukesh Ambani ৰ পুত্ৰ Akash Ambani.

এই Jio Coin ৰ যোগেদি আপুনি যদি প্ৰথম পৰ্যায়তেই ইয়াত invest কৰিব পাৰে তেন্তে ভাল মুনাফা লাভ কৰিব পাৰিব।

এতিয়া জানি লওঁ আহক Jio Coin ৰ কাৰ্য্য প্ৰণালী কিহৰ ওপৰত ভিত্তি কৰি হব । প্ৰধানতঃ মোবাইলৰ roaming ৰ ক্ষেত্ৰত ভৰিবলগীয়া অত্যধিক মূল্যৰ ওপৰত ভিত্তি কৰি এই Reliance Jio Coin ৰ ব্যৱহাৰ হব । পিছৰ পৰ্যায়ত বিভিন্ন লেন-দেনৰ বাবেও ইয়াৰ ব্যৱহাৰ হব।

এতিয়া কথা হল, এই Jio Coin ৰ value কেনেকুৱা ধৰণৰ হব । ইয়াৰ value সম্পৰ্কে এতিয়াও সঠিক ভাবে জানিব পৰা হোৱা নাই যদিও কিন্ত্ত ই ০.৫ ডলাৰ ( ভাৰতীয় মূল্য হিচাপত প্ৰায় ৩৩ টকা ) প্ৰতিটো Jio Coin হিচাপত হব বুলি ধাৰণা কৰা হৈছে। এই Jio Coin বিভিন্ন amount ৰ pack হিচাপে উপলব্ধ হব যেনে - $100, $500, $1000 

প্ৰথম পৰ্যায়ত যিখিনি Jio Coin মুকলি কৰিব তাৰ মূল্য হব ০.৫ ডলাৰ ( ভাৰতীয় মূল্য হিচাপত প্ৰায় ৩৩ টকা ) প্ৰতিটো Jio Coin হিচাপত। দ্বিতীয় পৰ্যায়ত ই বাঢ়ি গৈ দুগুণ অৰ্থাৎ ১ ডলাৰ ( ভাৰতীয় মূল্য হিচাপত প্ৰায় ৬৬ টকা ) প্ৰতিটো Jio Coin হিচাপত হব আৰু তৃতীয় পৰ্যায়ত ই আকৌ বাঢ়ি গৈ তিনিগুণ হব । এনেকৈ ই বাঢ়ি গৈ থাকিব পাৰে বুলি কোৱা হৈছে। গতিকে যি সকলে প্ৰথম পৰ্যায়ত invest কৰিব তেওঁলোকে ভাল মুনাফা কৰিব পাৰিব এই ক্ষেত্ৰত। আপোনালোকেও ১০০ ডলাৰ (minimum pack) প্ৰায় ৬৬০০ টকা লগাই Jio Coin ক্ৰয় কৰি আৰম্ভ কৰিব পাৰিব। আপুনি ইচ্ছা অনুসৰি যিকোনো pack ত Jio Coin ক্ৰয় কৰিব পাৰিব।

এই ব্যৱস্হা আহিবলগীয়া সময়ত বহুল পৰিমাণে প্ৰচলিত হব বুলি ধাৰণা কৰা হৈছে । গতিকে প্ৰথম পৰ্যায়তে যাতে আপোনালোকে এই সুবিধাটো লব পাৰে তাৰ বাবে তৈয়াৰ হৈ থাকিব। তেতিয়াহে অধিক লাভৰ মুখ দেখিবলৈ পাব কিয়নো Reliance য়ে লৈ আহিবলগীয়া এই Jio Coin হল ভাৰতৰ প্ৰথম cryptocurrency. আৰু সেইগতিকে সকলো ভাৰতীয়ই এই coin আদৰি লব আৰু ইয়াত বিনিয়োগ কৰিবলৈ আগ্ৰহী হব । আৰু লগতে NRI সকলেও নিজৰ ভাৰতীয় currency হিচাপে ইয়াৰ ওপৰত গুৰুত্ব দিব।

সকলোতকৈ ডাঙৰ কথাটো হল যে এই currency ৰ লগত সাঙোৰ খাই থকা নাম, সেইটো হল  Reliance Jio . Jio ই এতিয়ালৈকে যিবোৰ সুবিধা প্ৰদান কৰিছে তাক লৈ ভাৰতীয় সকল অন্ত্যন্তই সুখী । ইয়াত অবিশ্বাসত লব লগীয়া একো নাই । 

সকলোতকৈ ডাঙৰ কথাটো হল যে এই currency ৰ লগত সাঙোৰ খাই থকা নাম, সেইটো হল  Reliance Jio . Jio ই এতিয়ালৈকে যিবোৰ সুবিধা প্ৰদান কৰিছে তাক লৈ ভাৰতীয় সকল অন্ত্যন্তই সুখী । ইয়াত অবিশ্বাসত লব লগীয়া একো নাই । 

Reliance ৰ নিচিনা এটি কোম্পানী, যাৰ অভিজ্ঞতা অপৰিসীম এইবোৰ ক্ষেত্ৰত। Reliance য়ে ভাৰতৰ অৰ্থনীতিত কোন ক্ষেত্ৰত বিনিয়োগ কৰিব লাগে, কি আচনি ভাৰতৰ জনগণৰ বাবে উপযোগী, আৰু লগতে ভাৰতক বিদেশী ৰাষ্ট্ৰবোৰৰ লগত একেলগে যাতে খোজ মিলাই আগুৱাই যাব পাৰে , সেই দিশবোৰৰ ওপৰত গুৰুত্ব দিছে।

এতিয়াৰ প্ৰচলিত  cryptocurrency সমূহৰ ভিতৰত Bitcoin হল সকলোৰে ওপৰত। ভাৰতত Jio Coin অহাৰ পিছত ই Bitcoin ক চেৰ পেলায় শিখৰত স্হান লব বুলি আশা কৰা হৈছে। গতিকে এই Jio Coin কো ভাৰতীয় সকলে ভালকৈ আদৰি নোলোৱাৰ কোনো ঠল নাই। এই বছৰৰ ফেব্ৰুৱাৰি মাহৰ প্ৰথম ভাগতে Jio Coin ৰ শুভাৰম্ভ হব বুলি এক জানিব পৰা গৈছে।

Post a Comment

0 Comments