১. নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ
২. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । হজৰত মহম্মদ
৩. শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব । সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ
৪. বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ।
ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
৫. যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ । মহাত্মা গান্ধী
৬.নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা ।
স্বামী বিবেকানন্দ
৭. দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত । বুদ্ধদেৱ
৮. কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা । সৰ্বপল্লী ৰাধাকৃষ্ণণ
৯. মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি । মহাত্মা গান্ধী
১০. খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু । মহাত্মা গান্ধী
১১. মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । বুদ্ধদেৱ
১২. অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব । মহাবীৰ
১৩. পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। লক্ষ্মীনাথ বেজবৰুৱা
১৪. নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে । আব্ৰাহাম লিংকন
১৫. যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ । সৰ্ব্বপল্লী ৰাধাকৃষ্ণন
১৬. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। চক্ৰেটিছ
১৭. দেশতকৈ মোমাই ডাঙৰ নহয়।
লাচিত বৰফুকন
১৮. হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই । হজৰত মহম্মদ
১৯. চৰিত্ৰ মানুহৰ আচল সম্পত্তি। মাইলচ
২০. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । ভল্টেয়াৰ
২১. সুখ কাৰো চিৰকলীয়া নহয় ।
কমলাকান্ত ভট্টাচাৰ্য্য
২২. ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট । ৰুছো
২৩. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । যীশুখৃীষ্ট
২৪. শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।
জাকিৰ হুচেইন
২৫. সত্যৰ সদায় জয় । মহাত্মা গান্ধী
২৬. কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা ।বুদ্ধদেৱ
২৭. সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।
চন্দ্ৰ কুমাৰ আগৰৱালা
২৮. চুৰ কৰা মহাপাপ । বুদ্ধদেৱ
২৯. নেতাৰ ভূলত দেশ ধ্বংস হয় । ইন্দিৰা গান্ধী
৩০. যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে । ফ্ৰেংকলিন
৩১. মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । মহাত্মা গান্ধী
৩২. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে । সত্যনাথ বৰা
৩৩. উপদেশতকৈ আৰ্হি ভাল । হজৰত মহম্মদ
৩৪. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । মহাত্মা গান্ধী
৩৫. এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল । নেপলিয়ন
৩৬. জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা । শ্বেক্সপীয়েৰ
৩৭. জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় । হেম বৰুৱা
৩৮. শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে । চক্ৰেটিছ
৩৯. আনক কোৱাতকৈ নিজে কৰাটো ভাল । ব্ৰাউন্ড ৰাছেল
৪০. এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল । হজৰত মহম্মদ
৪১. অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ । শংকৰদেৱ
৪২. বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান । হোমাৰ
৪৩. শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে । মহাত্মা গান্ধী
৪৪. যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী ।
ডঃ বানীকান্ত কাকতি
৪৫. পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । যীশুখৃীষ্ট
৪৬. জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য । নীলমণি ফুকন
৪৭. পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে । জৱাহৰলাল নেহৰু
৪৮. যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
ডঃ বানীকান্ত কাকতি
৪৯. অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় । হেম বৰুৱা
৫০. যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে । ভল্টেয়াৰ
৫১. ভূল জনাতকৈ নজনাই ভাল । শ্বেক্সপীয়েৰ
৫২. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি । প্লেটো
৫৩. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় । মহাত্মা গান্ধী
৫৪. প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।
এ. পি. জে. আব্দুল কালাম
৫৫. সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই । উইলিয়াম জেমছ
৫৬. পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা । ৰামকৃষ্ণ পৰমহংস
৫৭. মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ । গুৰুনানক
৫৮. অহিংসা পৰম ধৰ্ম । মহাত্মা গান্ধী
৫৯. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন । নেপোলিয়ন
৬০. এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ । ৰাজা ৰামমোহন ৰায় ।
0 Comments