Download our app

ৰবি বাৰ দিনটো কিয় বন্ধৰ দিন হিচাবে মনা হয়? why sunday is off?


ৰবি বাৰ দিনটো কিয় বন্ধৰ দিন হিচাবে মনা হয়?

দেওবাৰ দিনটোলৈ সকলোৱে আশাৰে বাট চাই ৰৈ থাকে কাৰণ সেই দিনটো ছুটিৰ দিন,সকলো অফিচ,বিদ্যালয়,সকলো ধৰণৰ কাম সেইদিনা বন্ধ থাকে। সপ্তাহ টোৰ সেই দিন টোত সকলোৱে নিজৰ পৰিয়ালৰ লগত ফুৰ্তি কৰে।

কিন্তু আমাৰ বাবে গুৰুত্বপূৰ্ণ এই দিনটো বন্ধ হিচাপে লোৱাৰ এক ইতিহাস আছে।

ইয়াৰ সম্পূৰ্ণ শ্ৰেয় যাব নাৰায়ণ মেঘাজি ল'সন্দে।

যেতিয়া ভাৰতত ইংৰাজ সকলে শাসন কৰিছিল তেতিয়া শ্ৰমিক সকলে সপ্তাহ টোৰ গোটেই কেইটা দিন কাম কৰিব লগা হৈছিল,যাৰ ফলত তেওঁলোকে নিজৰ পৰিয়ালৰ সৈতে সময় দিব পৰা নাছিল,আৰু আৰাম কৰিবলৈও সময় পোৱা নাছিল।

সেই সময়ত নাৰায়ণ মেঘাজি ল'সন্দে শ্ৰমিক সকলৰ নেতা আছিল আৰু তেওঁ ব্ৰিটিছ শাসনৰ আগত শ্ৰমিক সকলৰ এই অসুবিধাৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিছিল আৰু সপ্তাহ টোৰ এটা দিন ছুটি বিচাৰিছিল আৰু লগতে কেইটা মান দাবী উত্থাপন কৰিছিল।কিন্তু ব্ৰিটিছ সকলে সেই কথা আওকান কৰিছিল।

তাৰ পিছত নেতাজনে শ্ৰমিক সকলৰ সৈতে আন্দোলন কৰিবলৈ ধৰিলে,প্ৰায় 7 বছৰ সময়ৰ পিছত ১০ জুন ১৮৯০ ত ব্ৰিটিছ সকলে আদেশ দিলে যে--

১)সপ্তাহৰ এটা দিন ৰবি বাৰে কাম বন্ধ থাকিব।


২)দিনৰ মাজ ভাগত আধা ঘন্টা সময় বিশ্ৰাম দিয়া হব।


৩)কামৰ সময় নিৰ্ধাৰণ কৰা হব।


৪)কাম কৰি থাকোতে দুর্ঘটনাগ্ৰস্ত হোৱা শ্ৰমিকক চিকিৎসা কৰা হব।


৫)শ্ৰমিকৰ মৃত্যু হলে পৰিয়ালক কিবা অনুদান দিয়া হব।ইত্যাদি।


আৰু সেই দিনাৰ পৰাই আজিলৈ এই দিনটোত

বন্ধৰ দিন হিচাপে আমি পালন কৰোঁ।


Post a Comment

0 Comments