Download our app

শিক্ষক দিৱসৰ শুভেচ্ছা বাণী


শিক্ষক দিৱসৰ শুভেচ্ছা বাণী


শিক্ষক দিৱসৰ এক চমু আভাস :::

সমগ্র বিশ্বতে আজি শিক্ষক দিৱস পালন কৰা হয়। এই দিৱস ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা হয় । এজন আদৰ্শ শিক্ষক হিচাবে বিশ্বত পৰিচিত ৰাধা কৃষ্ণনৰ ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰত তামিলনাডুৰ তিৰুট্তানিকত জন্ম হৈছিল । তেখেত একেধাৰে এগৰাকী দাৰ্শনিক , অধ্যাপক , পণ্ডিত আৰু ৰাজনীতিবিদ আছিল । তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰো অধ্যাপক আছিল । লগতে বহুতো দেশ বিদেশত অধ্যাপনা কৰাৰ বাবে আমন্ত্ৰিত হৈছিল । ১৯৫৪ চনত ভাৰত ৰত্নৰে বিভূষিত হোৱা ৰাধা কৃষ্ণন ১৯৬২- ১৯৬৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল । তেখেতৰ শিক্ষা তথা সমাজ জীৱনৰ প্ৰতি থকা অৱদানৰ বাবেই ১৯৯৫ চনৰ পৰা ৫ চেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাবে পালন কৰি অহা হৈছে । বৰ্তমান বিশ্বৰ ১০০ খন দেশত এই দিৱস পালন কৰা হয়। এই দিৱসত শিক্ষক সকলৰ অৱদানৰ কথা স্মৰণ কৰা হয়। এই দিৱস পালনৰ ক্ষেত্ৰত Education International আৰু তাৰ সহযোগী ৪০১ সদস্য সংগঠনে মূল ভূমিকা পালন কৰে।

Read Also : শিক্ষক দিৱসৰ ভাষণ

Post a Comment

1 Comments