Download our app

How to find your name in NRC draft. ( প্ৰথম খন NRC ত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব)



নমস্কাৰ বন্ধুসকল আমাৰ website লৈ আপোনালোক সকলোকে স্বাগতম জনাইচো। আজিৰ এইটো post ত আপোনালোকে জানিব পাৰিব যে 31 ডিচেম্বৰ 2017 তাৰিখে মাজ নিশা প্ৰকাশ হবলগীয়া প্ৰথম খন খচৰা এন আৰ চি'ত (NRC) আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব পাৰিব।

31 ডিচেম্বৰ 2017 তাৰিখে মাজ নিশা প্ৰকাশ হবলগীয়া প্ৰথম খন খচৰা এন আৰ চি'ত (NRC) আপোনাৰ নাম আছেনে নাই  চাবৰ বাবে তলৰ পদ্ধতি  কেইটা অৱলম্বন কৰক।

SMS যোগে খচৰা এন আৰ চি'ত (NRC) আপোনাৰ নাম আছেনে নাই  চাবৰ বাবে তলৰ পদ্ধতি  কেইটা অৱলম্বন কৰক ::

প্ৰথমতে 9765556555 নম্বৰলৈ SMS কৰি আপোনাৰ mobile number টো আগতীয়াকৈ resister কৰি লওক ।

আগতীয়াকৈ resister কৰিবৰ বাবে তলত দিয়া আৰ্হি মতে আপুনি resister কৰিব বিছৰা mobile number ৰ পৰা 9765556555 এই নম্বৰ SMS পঠিয়াই দিয়াক ।

আগতীয়াকৈ পঞ্জীয়নৰ বাবে আৰ্হি হ'ল ::

ARN(space)আবেদন প্ৰাপ্তিৰ নম্বৰ

উদাহৰণস্বৰূপে যদি আপোনৰ আবেদন প্ৰাপ্তিৰ নম্বৰ 10185672980000087961 হয়, তেন্তে

ARN 10185672980000087961

লিখি 9765556555 নম্বৰলৈ SMS টো পঠিয়াই দিব।

এই সেৱা ২৮ ডিচেম্বৰ, ২০১৭ তাৰিখৰ পুৱা ৬.০০ বজাৰ পৰা ৩১ ডিচেম্বৰ ২০১৭ তাৰিখৰ বিয়লি ৬.০০ বজা পৰ্য্যন্ত সক্ৰিয় হৈ থাকিব।

এনেদৰে আগতিয়াকৈ পঞ্জীয়ন কৰাৰ ফলত আপুনি আপোনাৰ পঞ্জীয়ন কৰা mobile numberএন আৰ চি'ৰ খৰচাত আপোনাৰ নাম থকা সম্পৰ্কে SMS পাব।

যদিহে আপুনি আগতিয়াকৈ পঞ্জীয়ন নকৰাকৈ পিছত খচৰাত আপোনাৰ নাম আছেনে নাই জানিব বিচাৰে তেন্তে তলৰ পদ্ধতি কেইটা অৱলম্বন কৰি  জানিব পৰিব।

আপুনি আংশিক খচৰাত নাম থকা সন্দৰ্ভত জানিবলৈ ৩১ ডিচেম্বৰ ২০১৭ তাৰিখৰ মাজনিশাৰ পিছত ARN ঠাই এৰি আবেদনপত্ৰ প্ৰাপ্তিৰ নম্বৰ (ARN) লিখি 9765556555 নম্বৰলৈ পঠিয়াব পাৰে।

উদাহৰণস্বৰূপে- যদি আপোনাৰ ARN নম্বৰ  101856721980000087961 হয়, তেতিয়াহ'লে 

ARN 101856721980000087961 

লিখি 9765556555 নম্বৰলৈ পঠিয়াই দিব।
উত্তৰত আংশিক খচৰাত নাম থকা সন্দৰ্ভত এছএমএছ যোগে আপোনাক জনাই দিয়া হ'ব।

মনত ৰাখিব :

*

Online যোগে খচৰা এন আৰ চি'ত (NRC) আপোনাৰ নাম  চাবৰ বাবে তলৰ পদ্ধতি  কেইটা অৱলম্বন কৰক ::

তলৰ website কেইটাত online যোগে NRC ৰ খচৰাত   আপোনাৰ নাম চাব পাৰিব।

Website কেইটা হ'ল ::

www.nrcassam.nic.in
www.assam.mygov.in
www.assam.gov.in
www.homeandpolitical.assam.gov.in

বিষদভাৱে জানিবলৈ আৰু সহায়ৰ বাবে তলত দিয়া বিনামূলীয়া হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব।

  • 15107 (অসমৰ বাবে)
  • 18003453762 (অসমৰ বাহিৰৰ বাবে)

অধিক জানিবলৈ ইয়াত ক্লিক কৰক

আশা কৰিছো আজিৰ এইটো post আপোনালোকৰ বাবে সহায়ক হব। আমাৰ website টো visit কৰা বাবে ধন্যবাদ। 

Post a Comment

0 Comments